পৃষ্ঠা:গুৰুচৰিত.djvu/৮৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫৫
সপ্তম খণ্ড

মাধৱদেৱত আই কহিলন্ত কথা।
ভকত সহিতে তুমি পালিয়োক এথা।
মাধৱে বুলিলা বাই কৰি কৃতাঞ্জলি।
থাকিবোহো আই আমি তযু আজ্ঞা পালি॥ ৩৯৪৯
এহি বুলি মাধৱে থাকিলা যেবে তথা।
আত অনন্তৰে আৰো শুনা পাঁচ কথা॥
শঙ্কৰ দেৱৰ আসি ছয় মাস ভৈলা।
হেন জানি মাধৱে লোকক জান দিলা॥ ৩৯৫০
সেহিবেলা ঠাকুৰে সবাকে কহিলন্ত।
যাক যেনমতে গুৰু বাক্য বুলিলন্ত॥
মাধৱক বোলে আমি আচাৰ্য্য পাতিলো।
সবাৰ আগত সেহি কথাক কহিলো॥ ৩৯৫১
মাধৱক যত যত জনে নমানয়।
সিটো কদাচিতো জানা আমাৰ নহয়॥
হাজো সীমা কৰি বেহাৰৰ যত লোক।
যাৰা সবে গুৰু কৰি মানি আছে মোক॥ ৩৯৫২
সবাতো কহিলো পিতৃবাক্য শিৰে ধৰি।
এহি বুলি থাকিলন্ত নমস্কাৰ কৰি॥
হেন শুনি লোকে কৰিলন্ত জয়ধ্বনি।
মাধৱক মানিলন্ত গুৰুবাক্য শুনি॥ ৩৯৫৩
যাৰ যিবা মনে কিছো সংশয় আছিল।
ঠাকুৰৰ বাক্য শুনি সবে মূৰ ভৈল॥