পৃষ্ঠা:গুৰুচৰিত.djvu/৮৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাধৱে বোলন্ত অন্ধ ভৈলা আজি আমি।
এৰি গৈলা মোক আবে প্ৰাণ প্ৰভু স্বামী॥
গুৰু অবিহনে মই কি কাম কৰিলো।
লগত নগৈয়া মই কি কাম সাধিলো॥ ৩৯১৬
কান্দত মাধৱে গুণ সুমৰি সুমৰি।
কাক চাই থাকিবো নগৈলো কিয় মৰি॥
এহি বুলি কান্দি কাটি কতো বোল আছে।
মনক নিয়ম কৰি থিৰ ভৈল পাচে॥ ৩৯১৭
ৰমানন্দে মাধৱক কৱে কান্দি কান্দি।
যেনমতে পিতৃক ধৰিলা গলে বান্ধি॥
শঙ্কৰে দিলন্ত তাক শিক্ষা বোধ যত।
সিসব কথাক সবে কৈলা মাধৱত॥ ৩৯১৮
যাক যেনমতে গুৰু বাক্য কৰি গৈলা।
মাধৱৰ আগে পাচে তাহক কহিলা॥
গ্ৰামবাসী লোক যত ভক্ত নিৰন্তৰ।
হেন শুনি লোকসবে কান্দিলা বিস্তৰ॥ ৩৯১৯
সেহিবেলা পাইলা কণ্ঠভূষণ পণ্ডিত।
শঙ্কৰদেৱৰ হেন কথা শুনিলন্ত॥
বসাইল মাধৱ তাঙ্ক কৰি শতকাৰ।
বোল কি কাৰণে আইলা গৃহক আমাৰ॥ ৩৯২০
শুনি বিপ্ৰবৰে পাচে কহিলন্ত কথা।
শঙ্কৰ গুৰুক লাগি কালি আইলো তথা॥