পৃষ্ঠা:গুৰুচৰিত.djvu/৮৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অণ্ডকোষ তলে গুহ্য ভূমি উপৰত।
বিষ ফোহৰা ভৈল দুইৰো মধ্যত॥ ৩৮৯৯
হোৱে নহে তাক লোকসবে নজানয়।
হেন কথাখানি গুৰু লোকত কহয়॥
নাপৰা পৰিয়া দিন চাৰি যেবে আছে।
বৈকুণ্ঠৰ নৌকা যান আসিলন্ত পাচে॥ ৩৯০০
আকাশৰ পৰা আসি নৌকা যে আছয়।
গুৰু মাত্ৰ দেখে তাক আনে নেদেখয়॥
পৰম শোভন সিটো নৌকা মনোহৰ।
আসি আছে তাত সবে ভক্ত নিৰন্তৰ॥ ৩৯০১
দেখতে বিস্ময় যেন সূৰ্য্য কৰে কান্তি।
কৰন্ত প্ৰকাশ যেন জ্বলে ৰত্ন পান্তি॥
সুৱৰ্ণ ৰতনে কৰি আছে নানা কাম।
দুই শাৰী হুয় তাত বসি লৱে নাম॥ ৩৯০২
সিংহাসন আসন তাহাতে প্ৰকাশয়।
আগে গুৰি উচ্ছ্ৰিত কাণ্ডাৰ ধৰিছয়॥
একান্ত ভকতে তাতে ভৈলা পিড়িপাট।
নটলে নভাগে সিটো নৌকাবৰ ডাঠ॥ ৩৯০৩
নাৰদ প্ৰহ্লাদ যম জনক ভকত।
বাঢ়য় বৈষ্ণৱ তাত বসিয়া আছন্ত॥
সবাৰ হাতত বৈঠা সুখে নাম গাই।
কৰন্ত আনন্দ ভাল মৃগঙ্গ বজাই॥ ৩৯০৪