পৃষ্ঠা:গুৰুচৰিত.djvu/৮৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুনৰপি বুলিলন্ত ঠাকুৰক কহিলন্ত
 শঙ্কৰে নিশ্বাস ত্যাজি সুখে।
কহিবাহা মাধৱত আনো ভক্ত আছে যত
 নকৰোক কেহো চিন্তা দুখ॥৩৮৯১
আমাৰ পাচত মাত্ৰ এক ৰৰিষেকে তুমি
 চলি যাইবা বৈকুণ্ঠ নগৰ।
কহিলো নিশ্চয় কৰি কৃষ্ণক হৃদয়ে ধৰি
 পাইবা তুমি সংসাৰৰ পাৰ॥
শুনিয়োক ৰামৰায় তুমি প্ৰিয়তম ভাই
 তোমাৰ আগত কহো আমি।
পালিবাহা জ্ঞাতি মিত্ৰ কৰা তুমি দৃঢ় চিত্ত
 নকৰিবা চিন্তা দুখ তুমি॥৩৮৯২
হেন শুনি ৰামৰায় চৰণে পৰিলা যাই
 বুলিলন্ত কৃতাঞ্জলি কৰি।
চটকসকলে যেন ছাৱালক ৰক্ষা কৰি
 আছিলন্ত ছায়া ছত্ৰ ধৰি॥
দিলাহা অভয় দান পৰম ভকতি জ্ঞান
 তুমি বিনে গতি মোৰ নাই।
দণ্ডৱত হুয়া পৰি হাতে কৃতাঞ্জলি কৰি
 এহিমতে কান্দে ৰামৰায়॥৩৮৯৩
ধেনু হেনমতে বৎস পালিলাহা তেনমত
 প্ৰাণ প্ৰভু জগতৰ পতি।