পৃষ্ঠা:গুৰুচৰিত.djvu/৮৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিলো নাৱ ভৰা অৰ্দ্ধখানি মৰা
 তোহোক কি দিম মই।
শোধা আবে মোত কি কৈবো তোমাত
 দেখিয়ো নেদেখ তই॥
ইসব কথাক বুলি উতপাত
 নকৰিবা তুমি মোক।
পৃথিবী এৰিয়া সকল ত্যজিয়া
 যাওঁ মই পৰলোক॥ ৩৮৮৯
কৈবো কিবা তোত একখানি বিত
 লগত মোহোৰ নাই।
ভাণ্ডাৰ সহিতে মাধৱৰ হাতে
 দিছো মই উৰোৱাই॥
থৈলো বাপ মই মাধৱৰ ঠাই
 নাম গুণ যত আছে।
যদি আছে মন কৰিয়া যতন
 সুধি লৈবা তান্ত পাচে॥ ৩৮৯০


ছবি

শঙ্কৰৰ বাক্য শুনি ঠাকুৰে মনত গুণি
 বহিলন্ত কৃতাঞ্জলি কৰি।
অনেক কাকূতি কৰি চৰণত ধৰি ধৰি
 থাকিলন্ত মনে দুখ কৰি॥