পৃষ্ঠা:গুৰুচৰিত.djvu/৮৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গৃহক গৈলন্ত গুৰু উঠি হেন শুনি।
উপায় নপান্ত একো মনে গুণি গুণি॥ ৩৮৭২
সিজিবেক মোত আবে অমোচন পাপ।
এহি বুলি অনেক কৰিলা মনে তাপ॥
অনন্তৰে আপোনাৰ থান পাইলা যাই।
উগুল থুগুল মনে সুখ শান্তি নাই॥ ৩৮৭৩
মই তাৰ হাত আবে কিমতে এৰাও।
নৰলোক এৰিয়া পৰলোকে যাওঁ॥
এহি বুলি তথাতে ৰহিলা মহামতি।
বৈকুণ্ঠক যাইবে মন ভৈলন্ত সম্প্ৰতি॥ ৩৮৭৪
শুনা সভাসদ ঈশ্বৰৰ কেন দেখা।
সামান্য জনত তাক কোনে কৰে লেখা॥
আপুনি শঙ্কৰদেৱ জগতৰ পতি।
তাহাৰ মৰণ হেন মিলিল সম্প্ৰতি॥ ৩৮৭৫
সামান্যজনৰ আবে কি কহিবা কথা।
কৃষ্ণৰ ৰামৰ মৃত্যু দেখিয়োক তথা॥
মোৰ মনে নেৰোক গুৰুৰ পাদপদ্ম।
কৰোহো কাকুতি মোক নকৰিয়ো ছদ্ম॥ ৩৬৭৬
মনুষ্যৰ চেষ্টা দেখাই ভাঙ্গিলা লোকক।
কোনে বুজিব পাৰে কৃষ্ণৰ মায়াক॥
হেন জানি হুয়ো জাণ্ট কৃষ্ণৰ সন্মুখ।
তবেসে এৰাইবা যম-যাতনাৰ দুখ॥ ৩৮৭৭