পৃষ্ঠা:গুৰুচৰিত.djvu/৮৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাতসে তোমাত কৈলো ইসব আশয়।
এহি তিনি জনৰ শৰণ নাহিকয়॥
হেন জানি তুমি আক নেদিবা শৰণ।
নিষ্ট কৰি তযু আগে বুলিলো বচন॥ ৩৮৪০
আউৰ কোটি লোকসব নৰকক যাইব।
মোক গুৰু মানি যিটো আনক ভজিব॥
এতকে জানিব সবে যাইব নৰকক।
নিশ্চয় জানিবা আমি কহিলো তোমাক॥ ৩৮৪১
তোমাক কহিলো ইটো ৰহস্য ভকতি।
পুৰুষোত্তমক দিবা কহিলো সম্প্ৰতি॥
পদ দুলড়ী জানা ছবিৰ অৰ্থক।
জুমুৰী লেছাৰী ছন্দ তাহাৰ ৰচক॥ ৩৮৪২
নমস্কাৰ শৰণ ভজন অনুসৃতা।
অনুনাথ হৰবাৰ প্ৰসঙ্গৰ স্থিতা॥
নামৰ মহিমা যত কাৰুণ্য আছয়।
ঘোষাৰ মাজত তাক দিবাহা নিশ্চয়॥ ৩৮৪৩
ইসব প্ৰমুখে যত আছয় পটল।
তোমাৰ আগত তাক কহিলো সকল॥
নৌকাৰ কাণ্ডাৰী মই আপুনি ধৰিবো।
সকল ভক্তক নিয়া বৈকুণ্ঠত থৈবো॥ ৩৮৪৪
নৰাইবো কহিলোহো মই তোমাক এৰিয়া।
কহিলো তোমাক আমি নিশ্চয় কৰিয়া॥