পৃষ্ঠা:গুৰুচৰিত.djvu/৮৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাৰি শৰণক পাচ কহিলা দঢ়াই।
থাকিলা মাধৱদেৱ মাথা চপৰাই॥ ৩৮২৩
আৰো সুধিলন্ত দশ নামৰ অছয়।
কহিলন্ত গুৰু পাচে তাহাৰ নিৰ্ণয়॥
সাতখান বৈকুণ্ঠৰ থান থিতি কৈলা।
আৰো দশ হাজাৰ ঈশ্বৰ দেখা দিলা॥ ৩৮২৪
কৈলা বৈকুণ্ঠক আৰো দশ যে হাজাৰ।
বাৰ যিবা খান আৰো লেখা দিলা তাৰ॥
ওঠৰ হাজাৰ শ্লোক ভাগৱতচয়।
ওঠৰ হাজাৰ আৰো পুৰাণ আছয়॥ ৩৮২৫
যুগে যুগে অৱতৰি লীলা কলিলন্ত।
ঈশ্বৰ কৃষ্ণৰ কোনে পাৱে আদি অন্ত॥
দশ হাজাৰ বৈকুণ্ঠ দশ হাজাৰ ঈশ্বৰ।
ইসব সকলো কথা কহিলা শঙ্কৰ॥ ৩৮২৬
অৱতাৰ যত আছে ভক্ত অনুপাম।
কহিলা তাসম্বাৰ বাৰ যিবা নাম॥
যাদৱ পাণ্ডৱ বংশে ভৈলা যত যত।
চাৰিবিধ গোপীৰ কাৰণ কহিলন্ত॥ ৩৮২৭
যাদৱ পাণ্ডৱ ঐক যিবা আলি আছে।
তাসম্বাৰ গুণ নাম কহিলন্ত পাচে॥
আপোনাৰ পুত্ৰ পত্নী নাতিসকলৰ।
কহিলন্ত আৰো নানা কথাক বিস্তৰ॥ ৩৮২৮