পৃষ্ঠা:গুৰুচৰিত.djvu/৮৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাধৱৰ আগে তুমি কথা কহা যাই।
কালি আমি যাইবোহো কৰিয়োক ঠাই॥ ৩৮০১
হেন শুনি বলৰাম তেতিক্ষণে গৈলা।
মাধৱৰ আগে শঙ্কৰৰ কথা কৈলা॥
ৰামানন্দ ঠাকুৰক লগতে লৈলন্ত।
ভকত সহিতে পাচে যাত্ৰা কৰিলন্ত॥ ৩৮০২
গোসানীৰ দৈখি সন্তাপৰ সীমা নাই।
কান্দত সন্তাপে তাপে ৰুক্মিণী জীয়াই॥
আনো লোক ভকত কান্দত পৰি পৰি।
এহিমতে সবেয়ো ৰহিলা দুখ কৰি॥ ৩৮০৩
অনন্তৰে শঙ্কৰে গণককুছি পাইলা।
মাধৱদেৱৰ যাই গৃহত ৰহিলা॥
মাধৱে বৈসাইয়া পাচে পখালিলন্ত ভৰি।
ভকতসবক খান দিলন্ত সাদৰি॥ ৩৮০৪
সমস্ত ভক্তক পাচে সিধা পাতি দিলা।
পৰম সন্তোষে সবে ভোজন কৰিলা॥
শঙ্কৰে বুলিলা পাচে মাধৱক চাই।
ভূঞ্জিবো তোমাৰ হাতে অন্ন ৰান্ধা যাই॥ ৩৮০৫
হেন শুনি মাধৱে কৰন্ত অসন্তোষ।
শঙ্কৰে বোলন্ত আত কিছু নাহি দোষ॥
মাধৱে বোলন্ত ৰামৰাম আদি যত।
জ্ঞাতি মিত্ৰ বন্ধু ভক্ত অনেক আছন্ত॥ ৩৮০৬