পৃষ্ঠা:গুৰুচৰিত.djvu/৮৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আনিলা তেখনে বন্ধু বান্ধবক বান্ধি।
সবাক দিলন্ত বোধ প্ৰবোধ সম্প্ৰতি॥
এহিমতে তৈত যব কমাল আছ।
ক্ষেত্ৰক যাইবাক মনে আলোচিলা পাচ॥৩৭৯৬
ক্ষত্ৰক যাইবাৰ কথা সব শুনিলন্ত।
সমস্ত ভকত আৰোবাৰ আনিলন্ত॥
সমস্তকে মাত বুলি প্ৰবোধ বোলন্ত।
মই যদি যাওঁ তেব মাধৱ আছন্ত॥ ৩৭৯৭
মাধৰ বাক্য তোৰা সকলে কৰিবা।
ভকত পীৰিতি ৰতি কদাপি নেৰিবা॥
ভকতিৰ আদিমূল ভকত পীৰিতি।
হৰি কথা শৰণ কৰিবেক ৰতি॥ ৩৭৯৮
ভকত জনৰ কিন্তু ভকতেস ধন।
হৰি গুণ নাম লাভ শ্ৰৱণ কীৰ্ত্তন॥
হনজানি নামকেস নেৰিবা মুখত।
দঢ়াই কহিলন্ত গুৰু সবাৰে আগত॥ ৩৭৯৯
পুষ্প তাম্বুল বস্ত্ৰ সবাকো দিলন্ত।
গুৰু আজ্ঞা পায়া সব তেখনে গৈলন্ত॥
ভকত সকলে যব গৈলা এহিমতে।
সেহিদিনা মাত্ৰ গুৰু থাকিলা গৃহত॥ ৩৮০০
বলৰাম আতৈক আনিলা পাচ মাতি।
মধুৰ বচন তাঙ্ক বুলিলা সম্প্ৰতি॥