পৃষ্ঠা:গুৰুচৰিত.djvu/৮৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৃদয়ে থাকিয়া হৃষীকেশ দিলা মোক যেন উপদেশ
 তাকেসে ৰচিলো তোমাক হৃদয়ে ধৰি।
গুৰুৰ চৰণে কৰি ৰতি কহে ৰামচৰণ মূঢ়মতি
 ডাক ছাৰি সবে বুলিয়োক হৰি হৰি॥ ৩৭৮৬

শ্ৰীমাধৰদেৱৰ ওপৰত ধৰ্ম্মৰাজ্য স্থাপন
পদ

শুনা সৰ্ব্বজনে কথা শঙ্কৰদেৱৰ।
কহে যেনমতে গৈলা বৈকুণ্ঠ নগৰ॥
নৰনাট সামৰিবে মনে ইচ্ছা কৰি।
মনত আলচ পাচে কৰিলন্ত হৰি॥ ৩৭৮৭
গণককুছিত দেৱ মাধৱ আছন্ত।
ভক্তক পঠাই তাঙ্ক মতাই আনিলন্ত॥
উত্তৰে দক্ষিণে যত ভক্ত সব আছে।
সমস্তকে মতাইয়া আনিলন্ত পাচে৩৭৮৮
আৰো গায়ে গায়ে দিলা সবাকে প্ৰবোধ।
আমি নাসো মানে নমিবাহা মাধৱক
জগন্নাথ ক্ষেত্ৰক কৰিয়া আলো যাই।
তোৰাসবে মোৰ বাক্য মানিবা সদায় ৩৭৮৯
এহি বুলি মাধৱৰ মাথে মালা দিলা।
আচাৰ্য্য পাতিলো বুলি সবাত কহিলা॥