পৃষ্ঠা:গুৰুচৰিত.djvu/৮৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হোৱে নোহে চোৱা মন ক বোলো চৰণত ধৰি ধৰি
 মহা মহন্তক কোটিবাৰ নমস্কাৰ।
কলা অৱতাৰে ব্যাস ভৈলা আপুন ইচ্ছায়ে শাস্ত্ৰ কৈলা
 ঈশ্বৰ কৃষ্ণক কৰিলে সাক্ষাতকাৰ॥
তথাপি তোমাত ভেদ ভৈলা ঈশ্বৰ কৃষ্ণক নজানিলা
 তান্ত কৰি কোনে শাস্ত্ৰক পঢ়িব আৰ।
নাৰদে আসিয়া জ্ঞান কৈলা ধৰ্ম্ম কৰ্ম্ম সবে দূৰ গৈলা
 উপদেশ দিল হৰিৰ ভকতি সাৰ॥ ৩৭৮১
আৰো সুশীতলে লোৱা সাক্ষী গৰ্ব্ব মদ এৰাইল আসি
 তাহাত কৰিয়া পঢ়িবে কোনজনে।
ততো ঈশ্বৰক নজানিলে ইন্দ্ৰ দেৱতাক বৰ কৈলে
 এতেকতে পণ্ডিত বুলিব তাক কেমনে॥
চাণ্ডালী দেখিয়া তাৰ কৰ্ম্ম বোলে পাপী কৈলে কিনো ধৰ্ম্ম
 আক সম পাপী সংসাৰত আৰু নাই।
নাৰদে আসিয়া লগ পাইলা চাণ্ডালী দ্বিজৰ কথা কৈলা
 ঋষিৰ চৰণে নমিলন্ত পাপী যাই॥ ৩৭৮২
নাৰদে বোলত শুনা আই তোৰ সম ভক্ত আন নাই
 তোহোৰ চৰণে প্ৰণাম কৰোহে আমি।
দ্বিজত অধিক ভৈলি তই নিশ্চয় কৰিয়া কৈলো মই
 ইতিনি জগত পৱিত্ৰ কৰিলা তুমি॥
অগাধ সাগৰ ভাগৱত নজানয় কিছো তাৰ তত্ব
 এতেকেসে নিন্দা কৰি ফুৰে যিটো নৰ।