পৃষ্ঠা:গুৰুচৰিত.djvu/৮৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইকথা জানিবা মিছা নুই সত্যযুগে আছে গঙ্গা নই
 হৰিবেক পাপ লোকসব নিস্তাৰিব।
পাণ্ডু নৃপতিৰ পত্নী তথা আছে তৈত তাৰ কহো কথা
 নাৰায়ণপুৰে তেহেন্তে আছে জানিবা॥ ৩৭৭৫
মাদ্ৰীনামে এক আছে বিল তেহেন্ত তাহাত জল থৈল
 যোগবলে তৈতে আছয় কৃষ্ণক চিন্তি।
তাৰ মাদ্ৰীনাম জানা ভৈলা সিয়ো দিক্ ৰঙ্গ পৰি গৈলা
 ইটো কথা জানা আছে পূৰ্ব্বাপৰ ৰীতি॥
কল্কী শৰীৰৰ গোন্ধ পাই উঠিবে দেৱাপী মন্দৰাই
 সেহিকালে উঠিবেক মাদ্ৰী আই।
তাৰ কথা কহো থাকা শুনি ঋষ্যশৃঙ্গ নামে মহামুনি
 তাহাৰ আছিল শিঙ্গৰী পৰ্ব্বতে ঠাই॥ ৩৭৭৬
শিঙ্গৰীৰ কৈলো এহি কাৰ্য্য আছিলেক যাত ঋষিৰাজ
 তাহাৰ নামেসে পৰ্ব্বতৰ নাম ভৈল।
দক্ষিণকুলৰ কহো কথা আছিলন্ত ব্ৰহ্ম ঋষি তথা
 পৰম মহন্ত বশিষ্ঠ মুনি কপিল॥
দিখৌৰ বশিষ্ঠ গঙ্গা নাম আছিল ঋষি অনুপাম
 কোপিলিকা তাতে কোপিলী গঙ্গা বোলয়।
দেখিয়া নেদেখে অন্ধলোকে কেৱলেসে নিন্দা কৰে মোকে
 নিকটত গঙ্গা খালত গাৱ ধুৱয়॥ ৩৭৭৭
কলিযুগ ধৰ্ম্ম নিৰ্ণয়ত ইটো কথা শাস্ত্ৰে দেখিয়োক
 পঢ়ি শুনি ততো অনেক মনত বুজে।