পৃষ্ঠা:গুৰুচৰিত.djvu/৮২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাজা বোলে পূৰ্ব্বে কত বাদক কৰিলা।
নোৱাৰি পণ্ডিতসবে ভোটা হৈয়া ৰৈলা॥
এবে বাদ সভামধ্যে আৱশ্যক নাই।
নিদিওঁ অনুমতি বাদ নকৰা দুনাই॥ ৩৭৪১
এহিমতে উত্তৰিলে ৰাজা পণ্ডিতক।
মান সতকাৰে পুজিলেক শঙ্কৰক॥
গুৰু বোলে মহাৰাজ শুনা অভিপ্ৰায়।
ইসব দ্ৰব্যত মোৰ প্ৰয়োজন নাই॥ ৩৭৪২
যদি দয়া আছে তেন্তে এটি বস্তু দিয়া।
যিবা মিছা ৰাজকাৰ্য্য ওভোতাই লোৱা॥
ধৰ্ম্মকাৰ্য্যে থাকিবাক নপাৰোহো আমি।
ৰাজ্য শাসনত আমি নহওঁ সকামী॥ ৩৭৪৩
এতেকতে সেহি পদ নলাগে আমাক।
দয়া কৰি মহাৰাজ ফিৰায়া নিয়োক॥
ৰাজা বোলে উপযুক্ত দেখিয়া তোমাক।
নিশ্চিত হৈছোহো বুলি দিছিলোহো তাক॥ ৩৭৪৪
একান্ত অনুৰোধত ৰাজা অনিশ্চায়।
তান্তীকুছি মহলক লৈলন্ত ফিৰাই॥
ৰাজসভায় এহিমতে কতদিন আছে।
ব্ৰাহ্মণসকলে বুদ্ধি আলোচিলা পাচে॥ ৩৭৪৫
পণ্ডিতসকলে ৰাজাৰ আদেশ নাপাই।
ছাত্ৰ পঠাই শঙ্কৰক পৰীক্ষিবে চাই॥