পৃষ্ঠা:গুৰুচৰিত.djvu/৮২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সণ্ঢৰা কাজীৰ বাৰীৰ গছক কটাই।
নামঘৰ মণিকূট দিয়ালে সজাই॥ ৩৭৩৫
হাটি হাটি সকলোকে কৰি পৰিপাটি।
দিলন্ত সজাই সুন্দৰ কৰি আতি॥
সভাক নিলন্ত ৰাজা দূতক পঠাই।
আদৰি বসাইলা তাত আসন পতাই॥ ৩৭৩৬
বৃন্দাবনীয়া বস্ত্ৰ উলিয়াই দিলা।
দেখিয়া ৰাজাৰ মন হৰষিত হৈলা॥
কাপোৰ দেখিয়া ৰাজা হল বিমোহিত।
সভাসদসবে দেখি হইল আচৰিত॥ ৩৭৩৭
ৰাজা বোলে কালি শুনিম ইহাৰ বৰ্ণনা।
সকলে আহিবা শীঘ্ৰে কৰিল ঘোষণা॥
এহি বুলি ৰাজা পিচে সিংহাসন এৰি।
অন্তঃপুৰে চলি গৈলা ৰাম নাম স্মৰি॥ ৩৭৩৮
শ্ৰীশঙ্কৰ গুৰু আৰু আনো সভ্যগণ।
নিজ নিজ স্থানে সবে কৰিলা গমন॥
পিচদিনা আসি বসিলন্ত সভা স্থলে।
প্ৰথমে বৃন্দাবনীয়া কাপোৰ অনালে॥ ৩৭৩৯
প্ৰতি পটে যিবা ঘটনা ৰাজা বুজাইল।
শুনি দেখি ৰাজা মহা আনন্দ লভিল॥
ৰাজাৰ সভাত থকা পণ্ডিতসকল।
বাদ কৰিবাক লাগি অনুমতি চাইল॥ ৩৭৪০