পৃষ্ঠা:গুৰুচৰিত.djvu/৮২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০৬
গুৰু-চৰিত

মাধৱক পঠাইল গণককুছি লাগি।
অল্পক্ষণ পৰে গুৰু গৈলা তৈক লাগি॥ ৩৭২৫
মাধৱে আগবঢ়াই নিলন্ত সাদৰি।
উপযুক্ত আসনে বৈসাইলা ৰঙ্গ কৰি॥
তামোল-পাণ টকা-বস্ত্ৰ ঠগিত ৰাখিলা।
জানু পাৰি হাতযোৰে বাৰ্ত্তাক পুছিলা॥ ৩৭২৬
শঙ্কৰে বোলন্ত মাধৱ কিকাম কৰা।
এহি আসিলাহা তুমি আমাথেৰ পৰা॥
বাতৰি সুধিব আবে কিসক লাগয়
এই কথাৰ আমাক দিয়া পৰিচয়॥ ৩৭২৭
মাধৱে বুলিলা বাপ কিবা ক্ষণিকতে।
তাতেসে সুধিলো মই কোৱা অপকটে॥
কথা শুনি মাধৱক প্ৰশংসা কৰিলা।
এহি সজ আৰ্হি তুমি কৰিয়া ৰাখিলা॥ ৩৭২৮
বেদান্তৰ সাৰ ইসে জানিবা নিশ্চয়।
চিনা-চিনি জীৱৰেসে এই পৰিচয়॥
সেহি ৰাতি গুৰুজন তথাতে থাকিলা।
পিচদিনা বেহাৰক নাৱক মেলিলা॥ ৩৭২৯

শ্ৰীশঙ্কৰদেৱৰ চিলাৰায়ৰ পত্নীসকলক শৰণ দান

ক্ৰমে গৈয়া পাইলা গুৰু বেহাৰ ৰাজ্যক৷
নিয়ালে নৌকাক চিলাৰায়ৰ ঘাটক॥