পৃষ্ঠা:গুৰুচৰিত.djvu/৮১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্ভূজ নামে তান পুত্ৰ ভৈল এটি।
ৰূপে গুণে খ্যাতিমন্ত শঙ্কৰৰ নাতি॥ ৩৬৯৮
যিবা যিবা কৰিছিল পাটবাউসী ধামে।
তান কিছু কথা কহো যি পালো সুগমে॥
অনেক ভকত আসি গুৰু সমীপক।
সবলোকে ধৰ্ম্ম লৈলে নিয়মি মনক॥ ৩৬৯৯
চান্দসা শিৱানন্দ গোপাল হৰিদাস।
লৈলা ধৰ্ম্ম ভক্তি কৰি শঙ্কৰৰ পাশ॥
অনেক ব্ৰাহ্মণসবে ধৰ্ম্মক ধৰিল।
হেলা নকৰিয়া ধৰ্ম্ম সকলোকে দিল॥ ৩৭০০
নাৰায়ণ আতা আদি বহু ভক্তগণ।
সঙ্গে বসি থাকে তথা ভক্তিত মগন॥
তাত পাচে শুনা কথা হৈল বিপৰীত।
শিলা হন্তে চাৰি বিপ্ৰ হৈলা উপস্থিত॥ ৩৭০১
সবে পণ্ডিতৰ মাজে পূজা অগ্ৰগণ্য।
দেখিয়া শঙ্কৰে বৈসালেক কৰি মান্য॥
গুৰু সমে তাসম্বাৰ শাস্ত্ৰকথা ভৈলা।
ছল কৰি একবাৰ ব্ৰাহ্মণে পুছিলা॥ ৩৭০২
যিটো পৰমব্ৰহ্ম হয় আকাৰ ৰহিত।
অতএব নাহি কোনো ৰূপ কদাচিত॥
শঙ্কৰে বুলিলা নিৰাকাৰ সত্য হয়।
জীৱৰ কাৰণ হেতু আকাৰ লভয়॥ ৩৭০৩