পৃষ্ঠা:গুৰুচৰিত.djvu/৮১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুৰু বোলে যিটো থান এৰিলো পূৰ্ব্বত।
নাহিকে আমাৰ আৰো আসকতি তাত॥ ৩৬৭৬
শুনি সবে বোলে বাপ ভূঞাৰ আদেশ।
বদি গুৰু নাহে নৌকা এৰিবা সিদেশ॥
সাত বেৰ নৌকাখন আনিছোহো আমি।
নৌকাত উঠিয়া প্ৰভু দয়া কৰা স্বামী॥ ৩৬৭৭
এহিমতে নানাভাৱে গুৰুক প্ৰাৰ্থিলা।
ভক্তিভৰে নাওখান গুৰুত অৰ্পিলা॥
গুৰু বোলে ভাল নাও ৰাখিলোহো মই।
ভূঞাসকলক কবা তোৰাসবে যাই॥ ৩৬৭৮
শিৰোমণি ভূঞা কোনো এজনক পাতি।
মানিব কথাক তাৰ ধৰিব সুনীতি॥
কিছুকাল পৰে যাইব মহন্ত বিশেষ।
কহিবা সি ৰাজ্যে সবে তৰিব নিশেষ॥ ৩৬৭৯
উজনীয়া লোকসবে শঙ্কৰ চৰণে।
বিদায় মাগিল সবে সজল নয়নে॥
গোপাল নামৰ এক ব্ৰাহ্মণৰ লৰা।
আসিছিল মুদৈ সঙ্গে উজনীৰপৰা॥ ৩৬৮০
শঙ্কৰৰ ৰূপে গুণে তেহো মুগ্ধ ভৈলা।
মুদৈ সঙ্গে ফিৰিবাক ইচ্ছা নকৰিলা॥
ভাক জানি মুদৈসবে প্ৰাৰ্থনা কৰিল।
আদি অন্ত বৃত্তান্তক গুৰুত কহিল॥ ৩৬৮১