পৃষ্ঠা:গুৰুচৰিত.djvu/৮০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুৰুজনে কথা শুনি মনে মনে চাইলা গুণি
 বোলে দুয়ো ভাল কথা কৈলা।
গুচোৱা সকাম নাই ভাল পদ আছে হয়
 তোৰা দুই ধৰ্ম্মক ৰাখিলা॥ ৩৬৪৭
পাচে পুথি বান্ধিলন্ত কৃষ্ণকথা আলাপন্ত
 বেলি অৱসান হুইলা আসি।
বিদায় হুইল দুই পাইলা আসি নিজঠাই
 সদালাপে থাকিল হৰিষি॥
আৰো পাচকথা শুনা তাৰ পাচে একদিনা
 একাদশী ব্ৰতৰ নিদান।
আছে বলোৰাম নামে বিশিষ্ট ভকত ধামে
 যায় নিতে ভিক্ষাৰ কাৰণ॥ ৩৬৪৮
কিবা এক কাৰণত ভিক্ষা মাগিবাক প্ৰতি
 নোৱাৰিলে যাইবে গ্ৰামক।
উপবাসে থাকিলন্ত বলৰাম মহাসন্ত
 প্ৰবোধিয়া থাকিল মনক॥
তাৰ পাচ দিনা ভৈল একাদশী ব্ৰত হৈল
 সেই দিনো নভৈল ভোজন।
ক্ষুধাতে আকুল হৈল অচেতনে পৰি ৰৈল
 আতিশয় কৰি দুখ মন॥ ৩৬৪৯
পিছদিনা প্ৰসঙ্গত নেদেখিলা সময়ত
 গুৰুজনে বিচাৰ কৰিলা।