পৃষ্ঠা:গুৰুচৰিত.djvu/৮০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একাদশী ব্ৰতে বাঢ়ৈ উপবাস কৰিছয়
 সন্ন্যাসী জানিল সিকথাক।
কিবা কৰি আছে বুলি দেখা এই যুগ কলি
 তীৰ্থ ব্ৰত নাই শুনা বাক॥
গুৰু ধৰ্ম আছা ধৰি কলি ধৰ্ম্ম পৰিহৰি
 কিয় কৰা আন ব্যৱহাৰ।
শ্ৰীমন্ত শঙ্কৰ গুৰু কি লিখিছে চাবা বাৰু
 একাদশ স্কন্ধে সাক্ষী তাৰ॥ ৩৬৪২
গুৰুৱে লিখিছে তাতে নপায় একাদশী ব্ৰতে
 নপায় মোক ৰোগ আৰ যাগে।
খাই লই পুষ্ট হুই থাকিবা নামক লই
 কষ্টব্ৰত কৰিব নালাগে॥
সন্ন্যাসীৰ কথা শুনি বাঢ়ৈ পাচে মনে গুণি
 মাছ বিচাৰিয়া আনিলন্ত।
বাটতে পাইয়া লাগ শঙ্কৰে সুধিলা তাক
 কিয় হেন কৰা বুলিলন্ত॥ ৩৬৪৩
আমি একাদশী ব্ৰত শাস্ত্ৰৰ আছয় মত
 অন্ন ভুঞ্জিবাক নলাগয়।
মৎস্যক আনিলা কিয় কিবা ইচ্ছা আছে কয়ো
 এনে কৰা উচিত নহয়।
ইকথা শুনিয়া বাঢ়ৈ কৃতাঞ্জলি কৰি কৱৈ
 ব্ৰহ্মানন্দে কোৱা কথা যত।