পৃষ্ঠা:গুৰুচৰিত.djvu/৭৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেহি সব সূতা আবে শীঘ্ৰে আনি দিয়া।
সমস্ত হিচাব তাৰ দিলন্ত লেখিয়া॥
লেখা অনুযায়ী সুতা ভাগ ভাগ কৰি।
লৈলে যত্ন কৰি তাক শঙ্কৰ শ্ৰীহৰি॥ ৩৬০৫
ৰাজাৰ আদেশ মাগে যাইতে শঙ্কৰ।
বিদায় দিলন্ত ৰাজা সম্ভ্ৰম বিস্তৰ॥
বৰপেটা মহলৰ দিলা অধিকাৰ।
তাৰ অৰ্থে ৰাজা বাক্য কলে আৰোবাৰ॥ ৩৬০৬
চলিয়োক ঘৰে আবে দিলো ৰাজ্য খণ্ড।
গুণত সন্তোষ হবা দোষে দিবা দণ্ড॥
তোমাৰ আজ্ঞাত সবে চলিবেক প্ৰজা।
বিদায় দিলন্ত এহিমতে মহাৰজা॥ ৩৬০৭
শুনিয়া সকলো কথা ভুৱনেশ্বৰী ৰাণী।
পতি সমে আদৰিলা চৰণ দুখানি॥
বিদায় দিলন্ত পাচে গুৰুক সাদৰি।
আসিলন্ত গুৰুজন হৰ্ষ মন কৰি॥ ৩৬০৮
ইষ্ট কুটুম্ব সবে আনন্দিত হুইল।
মহা সমাৰোহে সবে আগবঢ়াই থৈল॥
পাটবাউসী হন্তে গুৰু তাতীকুচি আহি।
ৰাজকাৰ্য্য দিনমান থাকে চৰ্চি বহি॥ ৩৬০৯
ৰাজকাৰ্য্য পৰি গুৰু অশান্তিক পাইল।
তাহাক ছাড়িতে গুৰু চিন্তিবে ধৰিল॥