পৃষ্ঠা:গুৰুচৰিত.djvu/৭৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

যৈতে ধৰ্ম্ম তৈতে জয় বেদৰ বচন।
শুনা কহো তাৰ কথা কৰি একমন॥
প্ৰহ্লাদৰ কথা যত সবৰে বিদিত।
ধ্ৰুবেয়ো কৰিছে ভক্তি আতি আনন্দিত॥ ৩৫৪০
উদ্ধৱ বিদুৰ আৰো ব্ৰজবাসীগণ।
সৰ্ব্বক্ষণে লোকে যাক কৰয় ব্যাখ্যান॥
হেন জানি ভাইসব এৰা আন ধৰ্ম্ম।
ৰামনাম বিনে নাই তৰণৰ কৰ্ম্ম॥ ৩৫৪১


দুলড়ী

তাৰ পাচে কথা শুনিয়ো সৰ্ব্বথা
 যিবা ভৈলা বেহাৰত।
শুনিলা নৃপতি শঙ্কৰ আছয়
 চিলাৰায় সমীপত॥
দূতক পঠাই মনুক জনাই
 বুলিলন্ত ভাঙ্গি পাতি।
শুনিছো শঙ্কৰ অসংখ্য শাস্ত্ৰৰ
 তত্ত্বজ্ঞ আছয় আতি॥ ৩৫৪২
মোৰ ইচ্ছা আছে শঙ্কৰৰ কাছে
 ধৰ্ম্মৰ কথা শুনিবো।
মোৰ সমীপক আসোক শঙ্কৰ
 সাদৰে আমি আনিবো॥