পৃষ্ঠা:গুৰুচৰিত.djvu/৭৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

এহি কথা শুনি গুৰু হাসিয়া বুলিলে।
নহে দুখ ইটো জানা সুখকেহে বোলে॥ ৩৫২৩
যেহেন স্বৰূপে তুমি ধৰ্ম্মক ৰাখিলা।
আৰো যেনমতে তুমি মোক সুখ দিলা॥
সেহি হেতু আমি আতি আনন্দ লভিলো।
সিকাৰণে নাম আৰ পৰমানন্দ দিলো॥ ৩৫২৪
জ্ঞানৱন্ত বিদ্যাৱন্ত গুণৱন্ত হৈব।
জগতৰ মধ্যে সিটো সুখ্যাতি ৰাখিব॥
এহিমতে কথা গুৰু বুলিলা দুনাই।
নাৰায়ণ বাপু তুমি থাকা এহি ঠাই॥ ৩৫২৫
এনে সময়তে আহি গৰমলি হৰি।
প্ৰাৰ্থনা কৰিলে দুই চৰণত ধৰি॥
আতাও প্ৰাৰ্থিলা তৰণৰ হেতু তাৰ।
ভৈলন্ত প্ৰসন্ন দোষ কৰি পৰিহাৰ॥ ৩৫২৬
তাৰ পাচে আতা গুৰু আদেশক পাই।
থাকিলন্ত কিছুদিন সুখে সেহি ঠাই॥
একদিন আতাক গুৰুই মাতি আনি।
আদৰে সম্বোধি পাচে বুলিলন্ত বাণী॥ ৩৫২৭
গৃহে যোৱা নাৰায়ণ বহুদিন হৈল।
চিন্তাযুক্ত আছে তব কুটুম্বসকল॥
এতেকতে বোৰা তুমি থাকিবে নালাগে।
আমাৰ বাতৰি কবা মাধৱৰ আগে॥ ৩৫২৮