পৃষ্ঠা:গুৰুচৰিত.djvu/৭৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫৪
গুৰু-চৰিত

বুলিলন্ত নাকান্দিবা শেষ লৈ দুখ।
ঈশ্বৰ কৃপাত দেখা দেখি হলো মুখ॥
ভাৰ্য্যাক পৰীক্ষা কৰি আতা বুলিলন্ত।
গুৰু হন্তে যত দুখ আমাৰ ভৈলন্ত ॥৩৪৯৬
ভুঞ্জিলাহা সঙ্গে দুখ তুমিও বহুত।
কহো গৈয়া সাক্ষাততে ইকথা গুৰুত॥
শুনি আই আচৰিত মানিয়া বুলিলা।
এহি কথা কিয় প্ৰভু তুমি নিজে কৈলা ॥৩৪৯৭
অপমান কৰিবাক গুক নাপায়।
শাস্ত্ৰসবে কহিছন্ত দঢ়াই দঢ়াই॥
শৰীৰত আছে সুখ দুখ নানা মত।
অনিত্য শৰীৰে দুখ হোৱয় সতত ॥৩৪৯৮
গুৰুৰ কাৰণে যিবা দুখ আছো পাই।
অনেক জন্মৰ ভাগ্য হইছে উদয়॥
ঠাকুৰে শুনিয়া কথা ভাৰ্য্যাৰ মুখত।
প্ৰশংসা কৰিলা আতিশয় আনন্দত ॥৩৪৯৯
তুমি হেন ভাৰ্য্যা মই সাৰ্থক লভিছো।
দুখতেও সুখে জানা তোমাহন্তে আছো॥
পুৰ্ব্ব পুণ্যফলে আবে পুৰুৰসকলে।
তুমি হে ভাৰ্য্যা লাভ কৰে ইহকালে ॥৩৫০০
এহি কথা কহি আতা মৌন হুয়া ৰৈল।
কথা শুনি সহিহৰি আনন্দিত ভৈল॥