পৃষ্ঠা:গুৰুচৰিত.djvu/৭৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাৰাখে ঈশ্বৰে মাত্ৰ পাইবা দুখক।
কিবা লাভ পাই তুমি ধৰিছা নামক॥
শুনি নাৰায়ণে পাচে দিলেক উত্তৰ।
জগত পালন কৰে মায়ায়ে ঈশ্বৰ॥ ৩৪৭৪
কৰ্ম্মবশে সুখ-দুখ দেহৰ আছয়।
কৰ্ম্ম অনুসাৰে তাক ভুঞ্জিবে লাগয়॥
বিনাশী দেহৰ অৰ্থে ভক্তে নবাঞ্ছয়।
ঈশ্বৰৰ ইচ্ছা বুলি সহিয়া থাকয়॥ ৩৪৭৫
ঈশ্বৰৰ পাদপদ্মে মতি নছাড়োক।
তাহান ভক্তৰ সঙ্গে সদা সঙ্গ হৌক॥
এহি মাত্ৰ বাঞ্ছা কৰি নাম লৈয়া থাকো।
তান প্ৰীতি বাজে বাঞ্ছা নকৰোহে একো॥ ৩৪৭৬
পাচে গৰমলি একো মতে নাপাৰিয়া।
আতাক শোধালে নৃপতিৰ আগে নিয়া॥
গৰমলি বদতি শুনিয়ো মহাৰাজ।
ইজনে নকয় কথা কৰো কিবা কাজ॥ ৩৪৭৭
কোনো এটি ছিদ্ৰ নকহয় শঙ্কৰৰ।
যিবা ইচ্ছা তাকে কৰা সাধ্য নাই মোৰ॥
ৰাজা বোলে আঙ্ক নিয়া বন্দীশালে থৈয়ো।
ভাল ৰূপে হাতে ভৰি লোহাক লগায়ো॥ ৩৪৭৮
শুনিয়া তাহাক গৰমলি কিলাই নিলা।
হাতে ভৰি লোহা লগাই বন্দীশালে থৈলা॥