পৃষ্ঠা:গুৰুচৰিত.djvu/৭৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাজা নাৰায়ণে কাৰণ পুছিল।
ব্ৰাহ্মণসকলে মিছা ঘটনা বুলিল॥ ৩৪৫২
শুনিয়োক মহাৰাজ কহো বিৱৰণ।
নৰহিবে ধৰ্ম্ম জানা শঙ্কৰ কাৰণ॥
তীৰ্থ ব্ৰত পূজা ঈশ্বৰৰ মূৰ্ত্তি যত।
একোকে নামানে যিবা কহিছে বেদত॥ ৩৪৫৩
অধৰ্ম্ম বাঢ়িল জানা ধৰ্ম্ম নষ্ট ভৈলা।
এহিমতে নানা কথা ৰাজাত কহিলা॥
ব্ৰাহ্মণৰ কথা শুনি ৰাজা খঙ্গ ভৈলা।
বন্দী কৰিবাক গৰমলি * আদেশিলা॥ ৩৪৫৪
শুনা গৰমলি তই মোহোৰ বচন।
শঙ্কৰক ধৰি আন সমে সঙ্গীগণ॥
হাৰে পুৱাইবো জুই ছালে ডামা সিম।
শৰীৰৰ মাংস তাৰ কুকুৰক দিম॥ ৩৪৫৫
আজ্ঞা পায়া গৰমলি তেখনে লৰিল।
দেৱানে শুনিয়া শীঘ্ৰে লোক পঠাই দিল॥
বুলিসন্ত লৈয়া যাহা চৰা নৌকাখান।
শীঘ্ৰ কৰি নাৱে তোৰা কৰাহা গমন॥ ৩৪৫৬
ৰাত্ৰি-দিনে মাৰি বৈঠা আন আগে যাই।
যিমতে ৰাজাৰ লোকে ধৰিবে নাপায়॥


*গৰমলি—দূত, টেকেলা।