পৃষ্ঠা:গুৰুচৰিত.djvu/৭৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰু-চৰিত যেতিক্ষণে গৈল সৰি পশ্চিম দিশক। হৃদয়ে ধৰিয়া টানি ঈশৰ কৃষ্ণক। ৩৩৮১ মনত বিষাদে এক অৰণ্যে পশিল। আপোনাৰ দুই চক্ষু আপুনি কাঢ়িল। বোলে চক্ষু কৰ্ণ মন বৈৰী ইটো মোৰ। অতি হতে পূৰ্বে পাপ সাঞ্চিলে দুৰ্ভোৰ। ৩৩৮২ তেসে গুচাইলে ইটো চক্ষু ইন্দ্ৰিয়ক। নেদেখিলে যাইবে কোনে পাপৰ পথক। এহি বুলি কৃষ্ণপদ হৃদয়ত ধৰি। নামক ধৰিল ডাটি একচিত্ত কৰি ৩৩৮৩ হে প্ৰাণভু কৃপাময় যায়। পশিলে শৰণ তযু পদে দিয়া ঠাই। কণাৰ সাগৰ কৃপা কৰিয়ো ইবাৰ। কৰ নাথ মোক পাপসাগৰে উদ্ধাৰ। ৩৩০ তুমি বিনে নাই নাই পতিতৰ গতি। মোত পৰে নাই নাই পতিত সম্প্ৰতি। কিবা ৰাত্ৰি কিবা দিন নি। নয়। হেন ভাবে অবিচ্ছেদে নামক গাৱয় ৩৮৫ ধৰি পাত লুৰিবাক যত লোক যাই। নামক কীৰ্ত্তন সবে বসি থাকে চাই। চাউল তৈল লোণ দ্ৰব্য আদি যত যত। হিছে দিৱয় লোকে নিয়ে সমস্ত॥ ৩৩