পৃষ্ঠা:গুৰুচৰিত.djvu/৭২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহি গৈয়া ভেবে এক নগৰত। বলৰাম আতৈক শঙ্কৰে বুলিত। কড়ি তোলা বৃত্তি সবে এৰিয়েক জানি। শুনা এক কথা আমি কহে মহামানী ৩৩১০ নিতে একোনে এক ৰূপয়াক দিব। সেহি গৃহস্থৰ মতে বাক কিনি। সকো শুনাই কথা কহিলা শৰে। এবি বুলি লৈ এক সজ্জনৰ ঘৰে।৩৩১১ কৃষ্ণকথা কৈলা তথা আনন্দিত মনে। ভুতি অনু-পানী সবে ভক্তগণে। পৰম আনন্দে বৈলা হৰিণ গাই। আৰে এক সন্ন্যাসী ৰহি আছে সেহি ঠাই॥৩৩১২ শৰক দেখিয়া সন্ন্যাসী মহামানী। হাতযোৰে নমিলা বৈষ্ণৱ হেন জানি। পৰম গহীন আতি সুশীতল ভাৱ। সন্ন্যাসীৰ হৰিষে পুলক সৰ্বগাৱ ৩৩১৩ পৰৰ প্ৰেমত আনন্দৰ পাৰ নাই। কৰবোৰ কৰি নীৰ নেত্ৰৰ বজাই। তুহি হেন বৈষ্ণৱক দৰখন ভৈলে। সন্ন্যাসী বোল জন্ম সফল কৰিলে।।৩৩১৪ কহিয়োক বাপ মোক ভযু গুণনাম। কৈৰ পৰা আসিছা থাকিছ কোন গ্ৰাম।