পৃষ্ঠা:গুৰুচৰিত.djvu/৭১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০৩
পঞ্চম খণ্ড

গীত পৰে ভট্টিমাক গাইলন্ত সন্ন্যাসী।
অছিলন্ত শুনি বসি শঙ্কৰে হৰিষি॥৪২৭২
নাম গুণ গাই যেবে সন্ন্যাসী ৰহিলা।
তাতো পাচে শুনা আৰো যেন কথা ভৈলা॥
নেদেখয় আছে তাক বেৰাৰ ভিতৰে।
মাধৱক চাই তেৱে বুলিলা শঙ্কৰে॥৩২৭৩
সন্ন্যাসীয়ো দেখে গীত ভট্টিমা বুলিলা।
আমাথেৰে ভট্টিমা কহিত লুকাই থৈলা॥
হেন শুনি মাধৱৰ উল্লাসিত মন।
মহাৰঙ্গে ভট্টিমাক বুলিলা তেখন॥৩২৭৪
অমৃতৰ সুৰ যেন মাধৱৰ বাণী।
পৰিলা প্ৰশংসা সন্ন্যাসীয়ে মনে জানি॥
খৰমত ভৰি দিয়া ওলাই আসিলা।
কেমন বৈষ্ণৱ বুলি তেৰ কৰি চাইলা॥৩২৭৫
উলটিয়া যাই পুনু শয্যাত বসিলা।
ভক্তৰ আৰত শঙ্কৰক নেদেখিলা॥
অনন্তৰে ৰজনী পুহাইলা আসি যেবে।
শঙ্কৰো শয্যাৰ উঠি বসিলন্ত তেবে॥৩২৭৬
সন্ন্যাসীয়ে হেন দেখি শয্যাৰ উঠিলা।
শঙ্কৰক দেখো বুলি আগবাঢ়ি চাইলা॥
যেন সুৰৰাজ বসি আছন্ত শঙ্কৰ।
দেখিলা সন্ন্যাসী যেন আভাস চন্দ্ৰৰ॥৩২২৭