পৃষ্ঠা:গুৰুচৰিত.djvu/৭১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০২
গুৰু-চৰিত

আগে একবাৰ গুৰু মনত কৰিলা।
দণ্ড চাৰি বেলি বাট অন্তৰে আছিলা।
আলোচিলা মনে মনে বিমৰিষি চাই।
শঙ্কৰে বোলন্ত কদাচিতো বৃষ্টি নাই॥৩২৬৭
হেন শুনি দশোদিশে গৈলা মেঘগণ।
পৰিল প্ৰকাশ ভৈলা সূৰ্য্যৰ কিৰণ॥
যেবে দেখা দেখি আসি ভৈলা তাৰ ঘৰ।
উপৰক তেৰ কৰি চাহিলা শঙ্কৰ॥৩২৬৮
পুনু শঙ্কৰৰ মেঘে অনুমতি পাই।
আনিলেক বৃষ্টি পাচে পৃথিবী কম্পাই॥
বাত-বৃষ্টি নভৈলে চাপিবো কোন কাজে।
আছে কোন মিত্ৰ মোৰ ভকতত বাজে॥৩২৬৯
হেন ছলে ভকতৰ সাধা প্ৰভু গতি।
দৈৱকীনন্দন তেন্তে জানিলো সম্প্ৰতি॥
ৰাম কৃষ্ণ নাম মুখে ভক্তসবে গায়।
পৰম আনন্দ কৰি এহিমতে যায়॥৩২৭০
শুনা সাধুসব ইটো কথা নিৰন্তৰে।
তাত পাচে এক ঠাই ৰহিলা শঙ্কৰে॥
আছয় গৃহস্থ এক নামত সজ্জন।
চাপিলা তাহাৰ ঠাই সবে মহাজন॥৩২৭১
আগে এক সন্ন্যাসী ৰহিছা তাৰ ঘৰে।
তাহাৰ পাচত যাই ৰহিলা শঙ্কৰে॥

|