পৃষ্ঠা:গুৰুচৰিত.djvu/৭০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮৭
পঞ্চম খণ্ড

এৰিলন্ত স্বামী পাচে নাক কান ছেদি।
তথাপিতো দুসঙ্গকেসে যাই খেদি॥৩১৮৪
বেশ্যা যেন লোকৰ খাইলেক বস্তুজাত।
সেনি পটন্তৰ লোৱা বৃক্ষতে সাক্ষাত॥
বেশ্যা সম পৰ পতি নৰকক যাই।
সেহিমতে শিষ্য-গুৰু জন্মিলা ইঠাই॥৩১৮৫
চাউল কানি লোকৰ দুসঙ্গ ইটো ভৈল।
সেহিসে,বাসনা আসি বৃক্ষ জন্ম হৈল॥
পুত্ৰ ভাৰ্য্যা দেহ গেহ সমস্তে দুসঙ্গ।
তাতে সাধুসবে আৰ নকৰয় খঙ্গ॥ ৩১৮৬
চাউল বস্ত্ৰ কঠিয়া অঙ্কুশ গজিবাৰ।
জীৰ্ণ কৰে কৃষ্ণপাৱে ভকতি যাহাৰ॥
আশা এৰি দুসঙ্গত হুয়োক বিমুখ।
নিৰাশাত পৰে নাই নাই মহাসুখ॥৩১৮৭
আশাৰো জানিবা নাৰী বৃক্ষ পটন্তৰ।
নাহি দেখা যৈত কিছো ভকতি কৃষ্ণৰ॥
এতেকে দুসঙ্গ লাগে সঙ্গ তেজিবাক।
দুসঙ্গে কৰিলে হেন দেখিয়ো ইহাক॥ ৩১৮৮
আশা এৰি নিৰাশা হুয়োক হেন জানি।
ভাৱগত শাস্ত্ৰ ইটো আছে বেদবাণী॥
যাতো ডালে পাতে পৰি চটকে নাদয়।
নাক কটা বুনি তাকে সাধুসবে কয়॥৩১৮৯