পৃষ্ঠা:গুৰুচৰিত.djvu/৭০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮৫
পঞ্চম খণ্ড

হে প্ৰাণ কৃপাময় গুৰুদেৰ দয়াময়
দেখা মই কেন অহঙ্কাৰী।
চৰণে বিক্ৰয় গৈলো তোমাত শৰণ লৈলো
নিয়ো মোক ইবাৰ নিস্তৰি॥৩১৭৫
এতেক কাৰ্পূণ্য কৰো দুই চৰণত থৰো
দিয়া মোক সাধুৰ সঙ্গতি।
মই মহা অন্ত্যজাতি গৰু পশু যেন আতি
তুৱা পাৱে নভৈল ভকতি॥
এভো হেন কৃপা কৰা মোক নৰকৰপৰা
প্ৰাণ প্ৰভু কৰিয়ো উদ্ধাৰ।
ৰামচৰণে কয় যত সামাজিকচয়
ৰাম ৰাম বুলি সবে তৰা॥৩১৭৬

⸺⸺

পদ

শঙ্কৰ বদতি মাধৱ শুনা মহামতি।
গুৰুৰ নিয়ম কিছো কহিবো সম্প্ৰতি॥
চৌদ্ধয় ব্ৰহ্মাণ্ড বৃদ্ধাঙ্গুলি ডাঙ্গি লয়।
হেনয় শকতি যিটো গুৰুত হোৱয়॥৩১৭৭
একগুটি জীৱ তেবে তৰিবে সামৰ্থ।
কৰয় পবিত্ৰ তে্বে তাৰিবে সামৰ্থ॥
দেখিয়োকি গুৰুভাৰ সবাতে ডাঙৰ।
পূ্মোহ হুইয়া জা মাত্ৰ খাই জগতৰ॥৩১৭৮