পৃষ্ঠা:গুৰুচৰিত.djvu/৬৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭৫
পঞ্চম খণ্ড

ভকতৰ সঙ্গে তযু গুণ নাম মুখে।
নগুচোক প্ৰভু যেন মোৰ সুখে দুখে॥
সাঙ্গে তল গৈলো চোৰ ইন্দ্ৰিয়ৰ সঙ্গে৷
কৰিলো আৰ্জ্জন মই পাপ মন ৰঙ্গে॥৩১৪৭
তাত হন্তে বাপ মোক কৰিয়ো উদ্ধাৰ।
কৰোহো কাতৰ হেৰা মই দুৰাচাৰ॥
শঙ্কৰত বিনে মোৰ নাই নাই গতি।
কৰিয়ো নিস্তাৰ লৈলো শৰণ সম্প্ৰতি॥৩১৪৮
মায়া-মোহজালে পৰি বন্দি হুয়া ৰৈলো।
নিশ্চয়ে জানিবা মই আত্ম পুৰি খাইলো॥
কেনমতে মই তৰিবোহো নাই তাৰ আশ।
দেখিয়োক সাক্ষাতে ভাৰ্য্যাৰ ভৈলো দাস॥ ৩১৪৯
গঙ্গাজল এৰি মৰে খাৰ পানী খাই।
যেন চক্ৰৱৰ্ত্তী ৰাজা মৰে হাল বাই॥
কৰোহো কাতৰ কৃপা কৰা চক্ৰপাণি।
গুৰুপদে ধৰি বোলা ৰাম ৰাম বাণী॥ ৩১৫০

____

ছবি

অনন্তৰে মাতি আনি শঙ্কৰে বুলিলা বাণী
 শুনা তুমি মাধৱ বচন।
গঙ্গা স্নান কৰিবোহো জগন্নাথ যাইবোহো
 শীঘ্ৰে তুমি কৰিয়ো যতন॥