পৃষ্ঠা:গুৰুচৰিত.djvu/৬৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬০
গুৰু-চৰিত

শঙ্কৰৰ গুণ নাম যশস্যা শুনিয়
আনিবে পঠাইলো মই আনন্দ কৰিয়া॥৩০৬৫
শঙ্কৰৰ গুণ নাম শুনিলো যৈসানি।
লৈলোহো নিশ্চয় মনে শৰণ তৈলানি॥
তান হন্তে পায়া তোৰা দুয়ো আছা আসি।
দূৰ ভৈল মোৰ যত আছে পাপৰাশি॥ ৩০৬৬
শঙ্কৰৰ প্ৰিয় তোৰা দুয়ো মহাগুণি।
তুমি সেই জানিলো শঙ্কৰ শিৰোমণি॥
গৃহ শৰীৰকো মোৰ পৱিত্ৰ কৰিলা।
মিনতি বচন ৰাজা বিস্তৰ কৰিলা॥৩০৬৭
পৰম মহন্ত ৰাজা নাহি যাক সৰি।
শৰণ মাগিলা পাচে নমস্কাৰ কৰি॥
এহি বুলি নৃপতি নিচুকি যেবে ৰৈল।
শুনা সেহিবেলা তৈত এক কথা ভৈল॥ ৩০৬৮
নৱজন লোক ৰাজা থৈয়া আছে বান্ধি।
তাৰ পিতৃ মাতৃ ভ্ৰাতৃ ফুৰে কান্দি কান্দি॥
নাৰায়ণ মাধৱ উত্তম দুয়োজন।
হেন বাৰ্ত্তা পাইলা তাৰ পিতৃ মাতৃগণ॥ ৩০৬৯
তাৰাসবো আসি পৰিলেক দুইৰো পাৱে।
পুত্ৰদান দিয়ো বুলি কাকুতি বিনাৱে॥
ৰাজাত মাগিয়া বাপ কৰিয়ো ৰক্ষণ।
আমি সবে লৈলো তযু চৰণে শৰণ॥ ৩০৭০