পৃষ্ঠা:গুৰুচৰিত.djvu/৬৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫৪
গুৰু-চৰিত

বোলে জটিৰাম আত কিবা আছা থই।
লাৰি চাৰি চাই ৰঙ্গে আনন্দে হাসয়॥৩০৩২
হেন শুনি ৰামে ভয়ে কৰযোৰ কৰি।
কহিবে লাগিলা কথা চৰণত ধৰি॥
ব্ৰহ্মপুত্ৰ নদীত পেলাইবে মোৰ মন।
মাঘ মাসে কৰিবোহো ব্ৰহ্মপুত্ৰে স্নান॥৩০৩৩
হেন শুনি শঙ্কৰে বুলিলা তেতিক্ষণ।
শুনা নাৰায়ণ জটিৰামৰ বচন॥
কিসক কটাইল আৰ বাহিৰৰ জট।
ভিতৰত জট থাকিলেক বৰ ডাট॥৩০৩৪
শঙ্কৰে বোলন্ত জটিৰাম কি কৰিলা।
ৰাজমাৰ্গ এৰি কেনে অৰণ্যে সোমাইলা॥
ধৰ্ম্ম কৰ্ম্ম তীৰ্থ ব্ৰত মনৰ কপট।
ইহাকেসে জানা তুমি ভিতৰত জট॥৩০৩৫
দেৱ তীৰ্থ ধৰ্ম্ম কৰ্ম্ম সবে দূৰ কৰি।
ভজিয়ো একান্তমনে শুদ্ধভাৱে হৰি॥
পৰম ৰহস্য ইটো হৰিভক্তি ৰত্ন।
ভকতৰ সঙ্গে আক লৈয়ো কৰি যত্ন॥ ৩০৩৬
কলিযুগে ৰামনাম বিনে গতি নাই।
দেৱৰ দুৰ্ল্লভ নৰতনু আছা পাই॥
দেৱতো তীৰ্থতো কৰি ভকতেসে বৰ।
ভকতক ভজিলে গুচয় কৰ্ম্মজড়॥ ৩০৩৭