পৃষ্ঠা:গুৰুচৰিত.djvu/৬৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫২
গুৰু-চৰিত

শুদ্ধমনে বোলে মোৰ বচন শুনিবা।
উলটিয়া যাতে তুমি নাৱে তুলি নিবা॥ ৩০২১
গৃহস্থে বোলয় বাপু শ্ৰীৰাম শুনিয়ো।
নাহি কিছো দোষ নাৰায়ণ লগে যায়ো॥
হেন শুনি নাৰায়ণ ভৈলা ৰঙ্গমন।
আপুনাৰ লগে আছে লোক চাৰিজন॥ ৩০২২
নাৰায়ণে বোলে শুনা লোকে আমি আটো।
শ্ৰীৰামৰ সলনি দেখায়ো ধান কাটো॥
হেন শুনি গৃহস্থে দেখাইলা ৰঙ্গমনে।
তেতিক্ষণে ধান কাটিলেক চাৰিজনে॥ ৩০২৩
গৃহস্থে বোলয় ধান্য কেনমতে নিবা।
শ্ৰীৰামে বোলন্ত ফিৰি আসি নিবো দিবা॥
এহি বুলি নাৰায়ণ নাৱে চলি গৈলা।
পৰম আনন্দে বৰপেটা যাই পাইলা॥ ৩০২৪
গুৰু মানি শঙ্কৰত শৰণ লৈলন্ত।
কৃতকৃত্য ভৈলো বুলি আনন্দ কৰন্ত॥
শঙ্কৰে আশ্বাসি দুইকো বুলিলন্ত হাসি।
গুৰুৰ চৰণ ৰামে আসিলা উপাসি॥৩০২৫
শুনিয়োক সভাসদ লোক নিৰন্তৰে।
আৰো একজনক আনিলা তাতপৰে॥
ৰামপুৰীয়াৰ পুত্ৰ পৰমানন্দক।
নাৰায়ণে আনিয়া দিলন্ত শঙ্কৰক॥৩০২৬