পৃষ্ঠা:গুৰুচৰিত.djvu/৬৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫০
গুৰু-চৰিত

লোক ব্যৱহাৰ কৰ্ম্ম কিছু নকৰন্ত।
নাৰায়ণে বোলে কিনো পৰম মহন্ত॥ ৩০১০
শ্ৰীৰামৰ দেখি হেন স্বভাৱ গম্ভীৰ।
পৰম অমৃত যেন বচন সুথিৰ॥
অগনিক ভষ্মে যেন ঢাকিয়া থাকয়।
সেহিমত শ্ৰীৰামক লোকে নিচিনয়॥৩০১১
বণিয়াসে চিনে সুৱৰ্ণৰ গুণ যত।
ভকত ৰতন মাত্ৰ ভকতে জানন্ত॥
যেহেন ভ্ৰমৰা মধুৰসক জানয়।
অৰণ্যৰ পৰা সৰোবৰত চৰয়॥ ৩০১২
হেন ভাৱ দেখি নাৰায়ণে চিন্তিলন্ত।
পথত চিনিলে এন্তে পৰম মহন্ত॥
সাদৰে পুছিলা পাচে নাৰায়ণ দাস।
অৱনত ভাৱ হুইয়া কৰিলা আশ্বাস॥ ৩০১৩
তযু পিতৃ মাতৃ কৈত জনম লভিলা।
শুনিয়া শ্ৰীৰামে নাৰায়ণ আগে কৈলা॥
হেন শুনি ভৱানন্দে বুলিলা দুনাই।
পৰম হৰিষে শ্ৰীৰামৰ মুখ চাই॥ ৩০১৪
শঙ্কৰ স্বৰূপে হৰি আসিয়া ইবাৰ।
গুৰুৰূপে কলিযুগে ভৈলা অৱতাৰ॥
তপ জল তীৰ্থ ব্ৰত সমস্তকে নাশি।
নিস্তাৰ কৰিবা লোক ভকতি প্ৰকাশি॥ ৩০১৫