পৃষ্ঠা:গুৰুচৰিত.djvu/৬৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪৮
গুৰু-চৰিত


পদ

শঙ্কৰ বদতি দামােদৰ শুনা তুমি।
তােমাৰ আগত এক কথা কহো আমি॥
এক মহাবিত্ত যিটো মােক আনি।
তাহাৰ কাৰণ কহো শুনা মহামানা॥৩০০০
এতিক্ষণে গৈয়া তুমি তাহাক ভঙ্গায়ো।
তাৰে কড়ি নিয়া ধান্য কিনিয়া আনিয়াে॥
কৃষ্ণ কথা শুনা ৰঙ্গে তাক বসি খাই।
আত পৰে সুলভ উপায় আৰ নাই॥ ৩০০১
ঈশ্বৰ কৃষ্ণত যিটো কৰয় ভকতি।
তাৰ অকল্যাণ কৈত আছয় সম্প্রতি॥
ভকত জনৰ হৰিকথাসে জীৱন।
হৃদয় ৰূপ নাম শ্ৰৱণ কীৰ্ত্তন॥৩০০২
গাৱ হৃদয়ত আসি হৰি লৈলে বাস।
ভকতি আদিত্য ভৈলা তাহাৰ প্রকাশ।
ধন জন পুত্ৰ ভাৰ্য্যা দেখা সবে মিছা।
ৰাজপদ সুখকো নকৰে ভক্তে ইচ্ছা॥ ৩০০৩
পৰম সম্পদ ইটো হৰিৰ ভকতি।
সাক্ষাতে আপদ জানা হৰি বিৰকতি॥
কৃষ্ণৰ চৰণে যাৰ নিমজিল মন।
যত্ন নকৰন্তে তাৰ আসি মিলে ধন॥ ৩০০৪