পৃষ্ঠা:গুৰুচৰিত.djvu/৬৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৬
গুৰু-চৰিত

বোলে কোন কামে যায়ো কন্দলি আতাই।
কহিয়োক কথা বসিয়োক মোৰ ঠাই॥
হেন শুনি দ্বিজবৰ আসিলা উলটি।
হাতযোৰে নমি ৰহি কৰে সাতি সুতি॥ ২৯৬৩
বসিলা আসনে পাচে কথা পুছিলন্ত।
দামোদৰে বোলে শুনা আমাৰ বৃত্তান্ত॥
লোকৰ মুনিহ দিয়া আমি ভাত খাওঁ।
দেখিয়োক বাপ আজি তাক লাগি যাওঁ॥২৯৬৪
শঙ্কৰে বোলন্ত দ্বিজবৰ শুনিয়োক।
গাৱ স্নানি আসি মুনিহ দিয়া মোক॥
হেন শুনি দামোদৰ ঘৰে চলি গৈলা।
শুনা সভাসদ আতপৰে যেন ভৈলা॥২৯৬৫
শঙ্কৰ মাধৱ দুয়ো অভেদ ঈশ্বৰ।
সাধিলেক গতি ইটো কলিৰ লোকৰ॥
দেখিয়োক শঙ্কৰ জগতৰ আদি দেওঁ।
উপদেশদাতা তাঙ্ক বিনে নাহি কেৱ॥২৯৬৬
দৈৱকীনন্দন যিটো জগতৰ গতি।
শঙ্কৰ ৰূপে তাঙ্ক দেখিয়ো সম্প্ৰতি॥
এতেকেসে হৰি গুৰু দুয়ো একে কায়।
দেখিয়োক গুৰু দেৱ দুইটো পৰ নাই॥২৯৬৭
তাঙ্ক এৰি আনক বোলয় গুৰু যিটো।
কুকুৰ চাণ্ডাল হইবে মৰি মৰি সিটো॥