পৃষ্ঠা:গুৰুচৰিত.djvu/৬৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৫
পঞ্চম খণ্ড

দায়ালৰ পুত্ৰ দামোদৰ মহা সন্ত।
কিৰিষি বিষয় পানি তেহেন্তে কৰন্ত॥২৯৫৭
কিৰিষিৰ কামে তেহো নিতে নিতে যায়।
শঙ্কৰে দেখিয়া তেৰ কৰি থাকে চাই॥
বোলন্ত ব্ৰাহ্মণ জন্ম ধৰিলেক মিছা।
কৃষ্ণৰ কথাত আৰ নাহিকয় ইচ্ছা॥২৯৫৮
এহি বুলি খেদ গুৰু মনত কৰন্ত।
ভকতৰ হিত অৰ্থে সদায়ে চিন্তন্ত॥
কেনমতে হৈবা ইটো কৃষ্ণৰ সেৱক।
কেনমতে ভকত কৰিবো ব্ৰাহ্মণক॥২৯৫৯
হাতত টোকান গুটি কান্ধে কোৰ খানি।
পথাৰক যান্তে নিত্য গাৱে ফটা কানি॥
হেন কথা দেখি গুৰু মনে কৰে দুখ।
বোলে তাঙ্ক কৰিবোহো কৃষ্ণৰ সমুখ॥ ২৯৬০
ভকতৰ দুখ দেখি নসহে হৃদয়।
অসন্তোষ কৰি মনে সদায় থাকয়॥
কোদালত বিনে তাৰ হাল গৰু নাই।
কিৰিষিৰ ভাত মাত্ৰ ছয় মাস খাই॥ ২৯৬১
আৰো মাসক লোকৰ মুহ্নি দিয়ে।
হেনমতে দুখ কৰি দামোদৰ জীয়ে॥
একদিন দামোদৰ সেই পথে যাই।
দেখি তাঙ্ক শঙ্কৰে মাতিলা মুখ চাই॥২৯৬২