পৃষ্ঠা:গুৰুচৰিত.djvu/৬৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩২
গুৰু-চৰিত

এহিমতে পৰি যেনে কতো বেলি আছে।
অনন্তৰে শঙ্কৰক শাপ দিলা পাচে॥
বোলে জলে আছো আমি সূৰ্য্যক আৰাধি।
কৈৰপৰা আসি পাপ কৈলে কেনে বাধি॥ ২৯৪১
নাকে মুখে পানী মোৰ লগাইলেক ভৰি।
হাসিল বিস্তৰ লোক উপালম্ভ কৰি॥
দেখা দেখা কেন মোক কদৰ্থনা কৰে।
মাংসৰ ভৰত তেল ফাটি সিটো মৰে॥২৯৪২
এহি বুলি দুই হাতে উপৰক তুলি।
ক্ৰোধে শাপিলন্ত বংশছেদ হৌক বুলি॥
শাপ দিয়া শঙ্কৰক দেখিলেক পাচে।
নৌকাৰ গুৰিত বৈঠা ধৰি যান্তে আছে॥২৯৪৩
বোলে হৰি হৰি বিধি কি কাম কৰিলো।
আবেগে জানিলো মই জীৱন্তে নাশিলো॥
এহি বুলি খেদ বৰ কৰিলা অপাৰ।
বোলে নাই নাই গতি জানিলো আমাৰ॥ ২৯৪৪
ধিক ধিক ধিক মই পাপী মন্দমতি।
শঙ্কৰক শাপ দিয়া গৈলো অধোগতি॥
ভাৰ্য্যা পুত্ৰ বোলে তুমি কি কাম কৰিলা।
শঙ্কৰক শাপ দিয়া জীয়ন্তে মৰিলা॥ ২৯৪৫
ৰতিকান্ত দলৈ গৈয়া শঙ্কৰত কৈলা।
সেহি দিনা হলায়ুধ পৰলোকে গৈলা॥