পৃষ্ঠা:গুৰুচৰিত.djvu/৬৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩১
পঞ্চম খণ্ড

অভাৱ ৰহস্য দেখা যত নৰনাৰী।
কৰে মতিভেদ কেহো এৰিবে নোৱাৰি॥২৯৩৫
দৈৱবশে যদিবা সাধুৰ সঙ্গ পাই।
নিষ্ঠে জানা তেবেহে অভাৱ দূৰ যায়॥
এহি কথা মাধৱৰ আগে কহিলন্ত।
শুনিলন্ত হেন তত্ব সমস্তে ভকত॥২৯৩৬
নৌকাত কাণ্ডাৰী ধৰি গুৰু অনুপাম।
টিপ দিয়া ভক্তক শিখাইল এক কাম॥
পানী চাটি বৈঠা মাৰি ধৰা বেগ কৰি।
যেন নাকে কাণে পানী সোমে আৰ ভৰি॥২৯৩৭
নামি আহে মন্ত্ৰ পঢ়ি পানী এক গলে।
বৈঠা মাৰি যায়ো সবে ভকতসকলে॥
বুলিলা শঙ্কৰে হে কুটবুদ্ধি বাণী।
ভক্তসবে শুনি বৈঠা ধৰিলন্ত টানি॥২৯৩৮
পানী চাটি মাৰি নৌকা বাই ৰঙ্গে গৈলা।
পৰম আনন্দ মনে ভকতে হাসিলা॥
হেন ভাৱে সপ্ত খান বৈঠা যেবে গৈলা।
নাকে কাণে পানী খাই আধা মৰা ভৈলা॥২৯৩৯
হেন দেখি হুলায়ুধে চাহিলা চক্ষু মেলি।
ভক্ত সমে শঙ্কৰে গৈলন্ত কৰি কেলি॥
আথে বেথে ভৰত উঠিলা মন্ত্ৰ এৰি।
পানী খাই লাল কাল ভৈলা সিটো ভৰি॥ ২৯৪০