পৃষ্ঠা:গুৰুচৰিত.djvu/৬৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২৬
গুৰু-চৰিত

মাধৱে আনন্দে বসি ভৰি পথালিলা।
চৌধাৰী মনত ৰঙ্গে কথাক পুছিলা॥
কি কাৰণে তুমি বাপ আসি আছা এথা।
হেন শুনি মাধৱে কহিবে লৈলা কথা॥২৯০৮
মাধৱে বোলন্ত শুনা বচন আমাৰ।
শঙ্কৰে মাগিবে চায় কন্যাক তোমাৰ॥
ৰমানন্দ নামে তেহো পুত্ৰখানি আছে।
কলে মোৰ ঘৰে তেহো যাচি আছে॥ ২৯০৯
কন্যা যদি দিবা এতিক্ষণে লৰিয়োক।
বিলম্বত কাৰ্য্য নাই বুলিলো তোমাক॥
যেন শুনি চৌধাৰী আনন্দ ভৈলা আতি।
তেতিক্ষণে কন্যা লৈয়া গৈলন্ত সম্প্ৰতি॥২৯১০
পৰম হৰিষে শঙ্কৰৰ ঘৰ পাইলা।
প্ৰণামিয়া শঙ্কৰক আসনে বসিলা॥
প্ৰিয়বাক্যে আশ্বাসিয়া কথা কহিলন্ত।
দৈৱৰ হাতে দিন বাৰ কৰিলন্ত॥২৯১১
বলোৰাম আতৈ ৰঙ্গে কোবাই ঢাক ঢোল।
বায়ু শিল গৰজে নুশুনি মাতবোল॥
উকলি কৰাইলা নাৰীগণ মাতি আনি।
মহাৰঙ্গে কালীআই তুলিলন্ত পানী॥২৯১২
ঢোল কোবাই বলোৰাম কৰন্ত উকলি।
অনন্তৰে ৰহিলা কন্যাৰ পানী তুলি॥