পৃষ্ঠা:গুৰুচৰিত.djvu/৬৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২৫
পঞ্চম খণ্ড

এহি বুলি শঙ্কৰে থাকিলা ৰঙ্গমনে।
মাধৱদেৱক মাতি আনিলা তেখনে॥ ২৯০২
গুৰুৰ চৰণে পৰি মাধৱে প্ৰণামি।
বোলে বাপ কয়ো কোন কাৰ্য্য কৰো আমি॥
শঙ্কৰে বোলন্ত তুমি মোৰ মন জানা।
চৌধাৰীক যাই এতিক্ষণে মাতি আনা॥ ২৯০৩
কন্যাসমে তাৰাসবে দুহান্তো আসিবা।
মোৰ কথা তাসম্বাৰ আগত কহিবা॥
দুইবাৰো মোক সিটো কন্যা বাচি আছে।
আমি বোলো থাকিয়োক বিয়া দিবা পাচে॥২৯০৪
একবাৰ কন্যা আনি চাহি আছো হাত।
ভাল মন্দ কিছো আমি নুবুলিলো তাত॥
দৈৱজ্ঞৰ হাতে পাচে চাহিলো গণাই।
ৰাশি যোগ জন্ম বাৰ কহিলন্ত চাই॥২৯০৫
এহি কথা জানি কন্যা কৰি আছো সাৰ।
এতিক্ষণে চলি তুমি যায়ো তাৰ ঘৰ॥
এহি বুলি শঙ্কৰ আনন্দে তথা ৰৈলা।
নমস্কাৰ কৰিয়া মাধৱ চলি গৈলা॥২৯০৬
শঙ্কৰৰ প্ৰিয়তম ভক্ত হেন জানি।
মাধৱক দেখি পিৰা দিলা মহামানী॥
প্ৰিয় বাক্যে চৌধাৰীয়ে কৰিলা আশ্বাস।
আসনে বসিবো বুলি কৰি অল্পহাস॥ ২৯০৭

৪০