পৃষ্ঠা:গুৰুচৰিত.djvu/৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮
গুৰু-চৰিত

শুনি ৰাজা দুই দূত দিলা তান আগে।
খান চাহিবাক পাচে গৈলা মহাবেগে॥২১৯
অনেক দিন ধান চাহিলে যায়।
মহাদুখে ফুৰন্ত মুখত পানী বাই॥
অনন্তৰে পাইলা ঋষ্যশৃঙ্গৰ আশ্ৰম।
গোপেশ্বৰ গোমাই আসা ক্ষেত্ৰ অনুপাম॥২২০
তথাতে বসিয়া দেখিলন্ত শিৱলিঙ্গ।
চিন্তা দুখ গুচি কিছো মনে ভৈল ৰঙ্গ॥
এক ৰাত্ৰি ৰহি সবে জিৰাইলন্ত গাৱ।
পাচ ভৈল দক্ষিণে শিৱৰ নমি পাৱ॥২২১
সেহি দিনা যাই যেবে পাইল কাল শিলা।
বিচাৰি ফুৰন্তে টেম্বুৱানি জ্ঞান পাইলা॥
দিন কতিপয় উজাই জ্ঞানৰ ভিতৰে।
মহা বিতোপন থান পাইলা চণ্ডীবৰে॥২২২
তথাতে ৰহিয়া পাচে দিন পাঞ্চ ছয়।
পুনৰপি মাগুৰিক সবে চলি যায়॥
ভোট আসে বুলি হিয়া কৰে দুৰদুৰ।
বিদায় লইয়া গৈলা আগত ৰাজাৰ॥২২৩
পূৰ্ব্বৱতে দুই দূত দিলন্ত লগত।
যত ধন সৰ্ব্বস্বক তুলিলা নৌকাত॥
শীঘ্ৰে বেগ কৰি তেবে আসিলা উজাই।
মহাসুখে ৰইল আসি টেম্বুৱানি পায়॥২২৪