পৃষ্ঠা:গুৰুচৰিত.djvu/৬১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯৯
পঞ্চম খণ্ড

আনন্দৰ ভৰে ভৈল ভকতে আকুল।
সবাৰ মাত গুৰু যেন পদ্মকুল॥
সমস্ত লোকৰ দেখি হৰিষ মিলিলা।
বিলাতৰ লোকে হৰিকীৰ্ত্তন চাহিলা ॥২৭৯৩
অনন্তৰে নামৰ কীৰ্ত্তন ভক্তে কৈলা।
পতনী প্ৰসাদ নাচ নাচিবে লাগিলা॥
পণ্ডিত ব্ৰাহ্মণ যত আছিলন্ত তথা।
চাহিবাক আইলা সবে শুনি হেন কথা॥২৭৯৪
পতনী প্ৰসাদ নাচ দেখি বিপ্ৰগণে।
নাকত আঙ্গুলি দিয়া গুণে মনে মনে॥
বিস্ময়ে আছন্ত চাই বিপ্ৰসবে দেখি।
স্তব্ধ দিয়া চাই সবে নিৰেখি নিৰেখি॥২৭৯৫
বাল্য বৃদ্ধ যুবা যত সবে নিশবদ।
বিপৰীত ভৈল দেখি নয়ন তবধ॥
নটুৱাৰ নাচ কাচ চমৎকাৰ দেখি।
বেঢ়ি বেঢ়ি চাই সবে নভাঙ্গায় আখি ॥২৭৯৬
কৃষ্ণৰ প্ৰাৰ্থনা ভঙ্গ যেনমতে কৈলা।
হেন ভাৱ ধৰি সবে ভকতে নাচিলা॥
হেন দেখি দ্বিজসবে ৰৈল মৌনভাৱে।
ভকতসকলে গীত মহাপ্ৰেমে গাৱে ॥২৭৯৭
নিমজিল মন প্ৰেমসাগৰত চিত্ত।
ঝৰে নীৰ নেত্ৰৰ আনন্দে গাই গীত॥