পৃষ্ঠা:গুৰুচৰিত.djvu/৬১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯৭
পঞ্চম খণ্ড

মাধৱে কহিলা ভেবে হাতেযোৰে নমি।
কৰিলা আমাক তুমি উপকাৰ স্বামী॥
দেখিলোহো ভকতক তোমাৰ প্ৰসাদে।
কৰিলো সাফল জন্ম তযু আশীৰ্ব্বাদে॥২৭৮২
ধন্য ধন্য নাৰায়ণ ভকত উত্তম।
কৃষ্ণৰ একান্ত দাস মহামনোৰম॥
কহিলো বিস্তৰ কথা আনন্দিত মন।
কথাৰ চতুৰ নাৰায়ণ মহাজন॥২৭৮৩
দেখিলো আনন্দে হৰিভকতৰ মুখ।
কতবা কালৰ আজি লভিলোহো সুখ॥
এহি বুলি বহুতৰ প্ৰশংসা কৰিলা।
ভাত অনন্তৰে আৰো কথাক কহিলা ॥২৭৮৪
এক কচি কড়ি পাণ-তাম্বুলক পাইলো।
এক টাকা ভঙ্গাই আৰো কড়িক আনিলো॥
হেন শুনি শঙ্কৰে বুলিলা মাধৱক।
পঠাইলো তোমাক নাৰায়ণৰ থানক॥২৭৮৫
জানি আছো মনে মই আছে তান কড়ি।
পাঠাইলো তোমাক মই যোৱা তৈকে লৰি॥
তাহাঙ্কো দেখিবা তুমি তোমাকো দেখোক।
ভকতৰ সঙ্গে লগে আত্মাক চিনোক ॥২৭৮৬
হেন জানি তুমি আবে কৰা মনৰঙ্গ।
দেখা দেখা কেনে হৰিভকতৰ সঙ্গ॥