পৃষ্ঠা:গুৰুচৰিত.djvu/৬০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯৩
পঞ্চম খণ্ড

কৃষ্ণৰ কীৰ্তন কৰি নামক কোৱাইবো।
দুইয়ো কাৰ্য্য সিদ্ধি হুইবে দক্ষিণা কৰিবো॥
মোৰ বিত্ত পাই ভক্তে গাৱে গাৱে দিল।
জানিবা নিশ্চয়ে তাৰা সবে নিস্তাৰিল॥২৭৬০
চাৰি টকা কড়ি কৰি আছো এক ঠাই।
আৰু তিনি ৰূপীয়া ভঙ্গাইবে ঠাই নাই॥
চৌকীয়া মাজীৰ ঘৰে তাতে গৈয়াছিলো।
ভঙ্গাইবে নোৱাৰি টঙ্কা পুনু আসি ভৈলো ॥২৭৬১
এহিমানে কৈলো আবে আমাৰ কাৰণ।
কহিয়ো তোমাৰ কথা শুনো নাৰায়ণ॥
কোন গ্ৰাম কিবা নাম কয়ো জন্ম কৰ্ম।
প্ৰবৰ্ত্তি আছিলা তুমি আগে কোন ধৰ্ম্ম ॥২৭৬২
কিবা প্ৰয়োজনে কিবা কামে আছা আসি।
হেন শুনি কহিল নাৰায়ণে হাসি॥
আন কাম নাই মোৰ শঙ্কৰত কাম।
দায়া কৰি দিল পিতৃ ভৱানন্দ নাম ॥২৭৬৩
নাৰায়ণ নাম আবে দিলা গুৰু মোৰ।
কহিলো তোমাৰ আগে মই সেৱাচোৰ॥
সদাগৰ ৰূপে যেনমতে ফুৰিলন্ত।
মাধৱৰ আগে সিয়ো কথা কহিলন্ত ॥২৭৬৪
ভাস্কৰ মহন্তে যেন উপদেশ দিলা।
নাও ভৰা দিয়া ৰঙ্গে লৌহিত্যে উজাইলা॥