পৃষ্ঠা:গুৰুচৰিত.djvu/৫৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯২
পঞ্চম খণ্ড

সবাতো অধিক মাধৱ বৈষ্ণৱ দুশান্ত।
নিজ প্ৰাণ বুলি আনি তাহাঙ্ক লৈলন্ত॥
আছিলন্ত পূৰ্ব্বত নাৰদ ঋষিৰাজ।
কিছুমানে কহো শুনিয়োক তান কাজ॥২৬৯৪
অগুৰুৱা বুলিয়া উদ্ধৱে হাসিলেক।
হেন শুনি মনে দুখ কৰিলা অনেক॥
বীণাবাদ্যে কৰে সদা নামৰ কীৰ্ত্তন।
ঈশ্বৰ কৃষ্ণক যিটো কৰিলে অধীন॥ ২৬৯৫
হেন নাৰদৰো কতোকাল গুৰু নাই।
যৈত বহে গোবৰে লিপয় লোকে ঠাই॥
হেন দেখি নাৰদৰ লাগিল ধিক্কাৰ।
নত মালোচি এক কথা কৈলা সাৰ॥ ২৬৯৬
প্ৰভাতে উঠিয়া কালি পথে যাক পাওঁ‌।
মানিবো তাহাকে গুৰু ঘৰে আজি যাওঁ‌॥
হেন কথা অন্তৰ্য্যামী ঈশ্বৰে জানিয়া।
কৃপাময় কৃষ্ণ লৈলা পথত আসিয়া॥২৬৯৭
কান্ধত মদ্যৰ ভাৰ শূকৰৰ পাল।
বাটে বাটে গালি পাৰি চোবাই যায় চাউল॥
লালে ওঠ বই বই কোৱাৰিয়ে পৰে।
মদ্যৰ গন্ধত গাৱ হেন তেন কৰে॥২৬৯৮
মিলিল কাজ মোৰ ভক্ত যায় নষ্ট।
জানিলো বিশয় আবে ধৰ্ম্ম আচৱে অষ্ট॥