পৃষ্ঠা:গুৰুচৰিত.djvu/৫৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫৩
 
চতুৰ্থ খণ্ড

হেন শুনি পুনৰপি নমস্কাৰ কৈলা।
বিদায় কৰিয়া নিজৰৰে চলি গৈলা॥ ২৫৭২
আপোন গৃহত যাই ৰৈলা চণ্ডীবৰ।
এহি কাৰ্য্যে পুত্ৰ ভৈল নামে ৰাজধৰ ॥
আত অনন্তৰে শুনা যেন কথা ভৈল।
এহিমতে কতােদিন যেবে তথা ৰৈল॥ ২৫৭৩
কমতানগৰ ভোটে মাৰিবাক গৈল।
শুনা নাৰায়ণ পাচে যেন কথা ভৈল॥
সকলে নগৰ ভােটে মাৰিলেক যেবে।
যুদ্ধে নােৱাৰিয়া ৰাজা পালাইলেক তেবে॥ ২৫৭৪
আত অনন্তৰে কথা শুনা তাত পৰে।
লেঙ্গামাগুৰাক আসি পাইলা অনন্তৰে ॥
সেহিবেলা চণ্ডীবৰে আছে ধান দাই।
বিত্ত বিত্ত কৰি ভােট আইলা সেহি ঠাই॥ ২৫৭৫
হেন দেখি দেবীদাসে বৰ ভয় ভৈলা।
লৱৰ মাৰিয়া গৈয়া হাবিত সােমাইলা ॥
ডাঙৰি বন্ধাওঁ বুলি ৰাজধৰ আছে।
খেদি পাই ভােটে ধৰি নিলা তাঙ্ক পাচে॥ ২৫৭৬
বনহস্তে ওঁলাই আসি শুনি চণ্ডীবৰ।
কন্দি কান্দি পাচে পাচে দিলেক লৱৰ।
ঘোৰা চৰি পঞ্চদশ লােক লৈয়া সঙ্গে।
মহাবেগে চুটি দিয়া খেদি গৈলা ৰঙ্গে ॥২৫৭৭